মই প্ৰৱেশ কৰিছো :

অসম চৰকাৰ ৰাজ্যিক বাঁহ উন্নয়ন অভিকৰণ

বাঁহৰ ওপৰত নিৰ্ভৰশীল গোটসমূহক বজাৰ সংযোগ প্ৰদান কৰিবৰ বাবে গ্ৰহণ কৰা উদ্যোগসমূহ

বাঁহৰ ওপৰত নিৰ্ভৰশীল গোটসমূহক বজাৰৰ সৈতে সংযোগ কৰিবলৈ অসমৰ বাঁহ আৰু বেত নীতিৰ অধীনত ৰাজ্যিক বাঁহ উন্নয়ন অভিকৰণে তলত উল্লেখ কৰা উদ্যোগসমূহ গ্ৰহণ কৰে:-
(ক) ছপা আৰু বৈদ্যুতিন মাধ্যমত বিজ্ঞাপনৰ জৰিয়তে বাঁহ আৰু বেতেৰে উৎপাদিত সামগ্ৰীসমূহৰ প্ৰচাৰ কৰা।  
(খ) বাঁহ আৰু বেত উৎপাদিত সামগ্ৰীসমূহৰ মণ্ডল আৰু ৰাজ্যিক পৰ্যায়ত প্ৰদৰ্শনীৰ আয়োজন।
(গ) বাঁহ আৰু বেতৰ ওপৰত নিৰ্ভৰশীল গোটসমূহৰ বিপণিৰ অধীনত বিভিন্ন প্ৰদৰ্শনীত অংশগ্ৰহণ।
(ঘ) পৰ্যটনৰ আকৰ্ষণৰ কেন্দ্ৰবিন্দু স্থানসমূহত বাঁহ আৰু বেতৰ উৎপাদনৰ স্মৰণিকা গ্ৰন্থৰ দোকান স্থাপন।
(ঙ) আৰ্টফেড, ব্ৰফেড, এজিএমচি ইত্যাদিৰ সৈতে মাৰ্কেটিং টাইআপ।
(চ) ভাৰত আন্তৰ্জাতিক বাণিজ্য মেলা, উপহাৰ মেলা আৰু দেশৰ ভিতৰত অনুষ্ঠিত অন্যান্য আন্তৰ্জাতিক মেলাসমূহত বাঁহ আৰু বেত নিৰ্ভৰশীল উদ্যোগসমূহে অংশগ্ৰহণৰ বাবে স্পঞ্জৰ কৰিব।
(ছ) বিভিন্ন জাতীয়/আন্তৰ্জাতিক B2B মেলাসমূহত ক্ৰেতা বিক্ৰেতা সন্মিলনৰ আয়োজন।
(জ) NEHHDC ৰ সৈতে মাৰ্কেটিং টাইআপ কাৰ্যই ফলপ্ৰসূতা আনিব।
(ঝ) ইণ্টাৰনেচনেল মাৰ্কেটিঙৰ বাবে ডকিউঅমেণ্টেছন আৰু ইয়াৰ প্ৰক্ৰিয়া আৰু ই-কমাৰ্চৰ ওপৰত প্ৰশিক্ষণ প্ৰদান।
(ঞ) বজাৰ ক্ৰমোন্নতিৰ বাবে ভাৰত চৰকাৰৰ MSME আঁচনিৰ সহায়ৰ প্ৰয়োজন হ'ব।

বাঁহৰ পৰা উৎপাদিত সামগ্ৰীসমূহৰ মাৰ্কেটিঙৰ বাবে অসম চৰকাৰে চৰকাৰী সংস্থাসমূহক সকলো চৰকাৰী প্ৰকল্পৰ বাবে দুৱাৰ খিৰিকীৰ ফ্ৰেম, ঘৰৰ ভিতৰ বাহিৰৰ সকলো ফাৰ্ণিচাৰৰ সামগ্ৰী, মজিয়া, দেৱাল আদিৰ বাবে বাঁহৰ ব্যৱহাৰ কৰিবলৈ অনুপ্ৰাণিত কৰে। ব্যক্তিগত প্ৰকল্পসমূহৰ বাবেও এই উৎসাহ প্ৰদান কৰে।
বাঁহ আৰু বেতৰ বাণিজ্য আৰু আন্দোলনৰ সৈতে সম্পৰ্কযুক্ত নিয়মসমূহ সমীক্ষা কৰা হ'ব যাতে ৰাজ্যৰ আৰ্থিক গতিবিধিৰ ৰূপত অগ্ৰসৰ হোৱা বাঁহৰ চাহিদাক উৎসাহ প্ৰদান কৰিব পাৰি।