মই প্ৰৱেশ কৰিছো :

অসম চৰকাৰ ৰাজ্যিক বাঁহ উন্নয়ন অভিকৰণ

ৰাষ্ট্ৰীয় বাঁহ মিচনৰ নিৰ্দেশনা অনুসৰি নাৰ্ছাৰিসমূহৰ স্থাপন

বাঁহগছৰ খেতিৰ নিৰ্ধাৰিত লক্ষ্যত উপনীত হ'বলৈ আমাৰ বাবে প্ৰয়োজনীয় উৎকৃষ্ট মানদণ্ডৰ সা-সৰঞ্জামৰ। নাৰ্ছাৰিসমূহ (সৰু, ডাঙৰ আৰু উচ্চ প্ৰযুক্তিৰ) ৰাজহুৱা আৰু ব্যক্তিগত খণ্ডৰ প্ৰতিষ্ঠানত স্থাপন কৰিব লাগিব। প্ৰয়োজন অনুসৰি মাটিৰ মানদণ্ড আৰু উৎপাদন ক্ষমতা নিশ্চিত কৰিবলৈ টিশ্বিউ কালচাৰ উত্থিত কৰা উৎকৃষ্ট মানদণ্ডৰ জাৰ্ম-প্লাজমৰ সহায় ল'ব লাগে। বাঁহগছসমূহ ফুলিব ধৰা অৱস্থাৰ দৰে ঘটনাসমূহলৈ দৃষ্টি দিব লাগে আৰু ইয়াৰ বীজসমূহ সংগ্ৰহ কৰা আৰু ইয়াৰ ব্যৱহাৰৰ বাবে উপযুক্ত পদক্ষেপ গ্ৰহণ কৰিব লাগে। এই পদক্ষেপসমূহ বন বিভাগ, বাঁহ ব্যৱহাৰকাৰী উদ্যোগ, গৱেষণা প্ৰতিষ্ঠান, বিশ্ববিদ্যালয়, কৃষক গোট, আত্মসহায়ক গোট কে.ভি.কে / বেচৰকাৰী সংগঠন আৰু কৃষক / নিবনুৱা যুৱক-যুৱতী এই সমূহ অনুষ্ঠান-প্ৰতিষ্ঠান আৰু ব্যক্তিসমষ্টিয়ে গ্ৰহণ কৰিব লাগে। ব্যক্তিগত প্ৰতিষ্ঠানত সম্পাদিত বাণিজ্যিক উৎপাদন কাৰ্যক উদগনি যোগাই নিয়মিত ৰূপত ৰোপণ সৰঞ্জাম প্ৰদান কৰা হ’ব। আৰ এফ আৰ আই (ৰেইন ফৰেষ্ট ৰিচাৰ্চ ইনষ্টিটিউট) এই সমূহ কাৰ্যৰ বাবে প্ৰমাণপত্ৰ প্ৰদানকাৰী সংস্থাৰূপে কাম কৰিব।ৰাষ্ট্ৰীয় বাঁহ মিচনৰ নিৰ্দেশনা অনুসৰি স্থাপিত হ’বলগীয়া নাৰ্ছাৰিসমূহৰ প্ৰকাৰ তলত উল্লেখ কৰা ধৰণৰ:

(ক) হাইটেক নাৰ্ছাৰি: মানদণ্ডপূৰ্ণ কৃষিকাৰ্যৰ সৰঞ্জামসমূহৰ যোগানৰ বাবে ব্যৱহৃত হ'ব। ই ৰোগ আৰু ৰোগৰ বীজাণুসমূহৰ পৰা মুক্ত হ'ব। এই হাইটেক নাৰ্ছাৰিসমূহত টিশ্বিউ কালচাৰ ইউনিট স্থাপন কৰা হ'ব। আঞ্চলিক বন গৱেষণা প্ৰতিষ্ঠান, যোৰহাট আৰু ব্যক্তিগত/ৰাজহুৱা খণ্ড আৰু সমবায় প্ৰতিষ্ঠানসমূহত এই ইউনিটসমূহ স্থাপন কৰিবলৈ পদক্ষেপ গ্ৰহণ কৰা হ'ব। আৰ এফ আৰ আই (ৰেইন ফৰেষ্ট ৰিচাৰ্চ ইনষ্টিটিউট) ৰ তত্বাৱধান আৰু প্ৰায়োগিক সাহাৰ্য্যৰ সহায়ত টিশ্বিউ কালচাৰ ইউনিটসমূহ স্থাপন কৰা হ'ব। ভাল মানদণ্ডৰ বাবে প্ৰমাণিত হোৱা নিৰ্দেশিত প্ৰজাতিসমূহৰ খেতি প্ৰতিখন নাৰ্ছাৰিয়ে সৰ্বনিম্ন ৫০,০০০ পুলি/বীজৰ হিচাপত প্ৰতি হেক্টৰ মাটিত প্ৰতিবছৰে উৎপাদন কৰিব।
নাৰ্ছাৰিসমূহৰ নিজা সাৰ প্ৰস্তুতকাৰী গোট, জলসিঞ্চন ব্যৱস্থা আৰু তাপমাত্ৰা নিয়ন্ত্ৰণৰ বাবে সেউজগৃহৰ ব্যৱস্থা থাকিব লাগিব। ইউনিটসমূহৰ নিজা টিশ্বিউ কালচাৰ গৱেষণাগাৰ থাকিব লাগিব নতুবা প্ৰতিষ্ঠিত টিশ্বিউ কালচাৰ গৱেষণাগাৰৰে সৈতে সন্মিলিত হ'ব লাগিব।
(খ) ডাঙৰ নাৰ্ছাৰি: প্ৰতিখন ডাঙৰ নাৰ্ছাৰিয়ে ভাল মানদণ্ডৰ বাবে প্ৰমাণিত হোৱা নিৰ্দেশিত প্ৰজাতিসমূহৰ খেতি প্ৰতি হেক্টৰ মাটিত প্ৰতিবছৰে সৰ্বনিম্ন ২৫,০০০ পুলি/বীজৰ হিচাপত উৎপাদন কৰিব। নাৰ্ছাৰিৰ নিজা সাৰ প্ৰস্তুতকাৰী গোট থাকিব লাগিব আৰু প্ৰমাণিত বীজ/জলসিঞ্চল ব্যৱস্থা আৰু সেউজগৃহ/ছাঁ/কুঁৱলী কক্ষৰ ব্যৱস্থা থাকিব লাগিব।
(গ) সৰু নাৰ্ছাৰি: প্ৰতিখন সৰু নাৰ্ছাৰিয়ে মানদণ্ডপূৰ্ণ বুলি প্ৰমাণিত হোৱা নিৰ্দেশিত প্ৰজাতিসমূহৰ খেতি প্ৰতিবছৰে সৰ্বনিম্ন ১৬,০০০ পুলি/বীজৰ হিচাপত উৎপাদন কৰিব। নাৰ্ছাৰিৰ নিজা সাৰ প্ৰস্তুতকাৰী গোট থাকিব লাগিব আৰু প্ৰমাণিত বীজৰ উচিত উৎস থাকিব লাগিব।

Interventions with cost norms and funding pattern (As per NBM)

ক্ৰমিক নং প্ৰয়োগাত্মক কাৰ্য ক্ষেত্ৰ সৰ্বমুঠ ইনচেণ্টিভ (লাখ টকাত) সাহাৰ্য্যৰ ধৰণ
সশক্তিকৰণৰ সৈতে ৰাজহুৱা আৰু ব্যক্তিগত খণ্ডত কৰা বাঁহৰ নাৰ্ছাৰি (আঁচনি নিৰ্ভৰ) ১) হাইটেক (২ হেক্টৰ) ২০ ডাঙৰ (১ হেক্টৰ) ৩) সৰু (০.৫ হেক্টৰ) ৫০
১৬
১০
ক্ৰেডিট লিংকড্‌ বেক এণ্ডেড ৰাজসাহাৰ্য্য অনুসৰি চৰকাৰী খণ্ডলৈ ১০০% ব্যয় আৰু ব্যক্তিগত খণ্ডলৈ ৫০% ব্যয়

বাঁহগছৰ পুলিসমূহৰ উৎপাদন বৃদ্ধিৰ বাবে বন বিভাগ, পঞ্চায়ত আৰু গ্ৰাম্য বিভাগ আৰু স্থায়ী নাৰ্ছাৰি থকা কৃষি বিভাগসমূহো আগবাঢ়িব লাগিব। বেতৰ উদ্ভিদ প্ৰধানকৈ বীজৰ পৰা হয়। ইয়াৰ প্ৰমাণিত পুলি প্ৰদান কৰিবলৈ চৰকাৰী সংস্থা আৰু বিভাগ আৰু ব্যক্তিগত গোটসমূহিক এপ্ৰোচ কৰা হ'ব। ইয়াৰ বাবে টিশ্বিউ কালচাৰো এক উপায়। বেতৰ উৎপাদন বৃদ্ধিৰ বাবে আৰ এফ আৰ আই আৰু অসম কৃষি বিশ্ববিদ্যালয়ৰ সুবিধাসমূহ গ্ৰহণ কৰা হ'ব।