মই প্ৰৱেশ কৰিছো :

অসম চৰকাৰ ৰাজ্যিক বাঁহ উন্নয়ন অভিকৰণ

উদগনিমূলক নীতি

অসম বাঁহ আৰু বেত নীতি ২০১৯ ১ জানুৱাৰী ২০২০ ৰ পৰা পাঁচ বছৰৰ বাবে কাৰ্যকৰী হয়।

ৰাষ্ট্ৰীয় বাঁহ মিচনৰ অধীনৰ ইনচেণ্টিভসমূহ
(ক্ৰেডিট লিংকড্‌ বেক এণ্ডেড ৰাজসাহাৰ্য্য অনুসৰি ইনচেণ্টিভসমূহ প্ৰদান কৰা হ'ব)

১.প্ৰসাৰণ আৰু কৃষিকাৰ্য
হাই-টেক, ডাঙৰ আৰু সৰু নাৰ্ছাৰি চৰকাৰী ভূমিত সৃষ্টি কৰিলে ১০০% ৰাজসাহাৰ্য্য লাভ কৰিব, ব্যক্তিগত ভূমিত কৰিলে ৰাজসাহাৰ্য্যৰ পৰিমাণ ৫০%। সীমা আৰু খণ্ড ৰোপণৰ বাবে প্ৰতি হেক্টৰ মাটিত ১ লাখ টকা লাভ কৰিব।

২.বেম্বো ট্ৰিটমেণ্ট আৰু সংৰক্ষণৰ উন্নয়ন সাধন
বেম্বো ট্ৰিটমেণ্ট, ছিজনিং প্লেণ্ট আৰু বেম্বো কাৰ্বনাইজেছন প্ৰতিষ্ঠাৰ বাবে সৰ্বোচ্চ ৫০% ৰাজসাহাৰ্য্য লাভ কৰিব। চৰকাৰী খণ্ডত এই পৰিমাণ ১০০%।
জীৱিকা ব্যৱসায় প্ৰতিষ্ঠাৰ ক্ষেত্ৰত চৰকাৰী খণ্ডৰ বাবে ১০০% আৰু ব্যক্তিগত খণ্ডৰ বাবে ৬০% ৰাজসাহাৰ্য্য লাভ কৰিব।

৩. উৎপাদন উন্নয়ন আৰু প্ৰক্ৰিয়া
বাঁহৰ মূল্য সংযোজন, প্ৰাথমিক প্ৰক্ৰিয়াত বাঁহ অপচয় ব্যৱস্থাপনা আৰু ক্ষুদ্ৰ/মধ্যমীয়া প্ৰক্ৰিয়া গোট প্ৰতিষ্ঠাৰ বাবে চৰকাৰী খণ্ডলৈ ১০০% আৰু ব্যক্তিগত খণ্ডলৈ ৬০% ৰাজসাহাৰ্য্য প্ৰদান কৰা হ'ব।

৪.বাঁহৰ বজাৰৰ বাবে আন্তঃগাঁথনিৰ উন্নীতকৰণ
বাঁহৰ ভড়ালঘৰ স্থাপন, গাঁৱৰ বজাৰ, বাঁহৰ বজাৰৰ উন্নীতকৰণৰ বাবে চৰকাৰী খণ্ডলৈ ১০০% আৰু ব্যক্তিগত খণ্ডলৈ ৩৩% ৰাজসাহাৰ্য্য প্ৰদান।

৫.সা-সঁজুলি, যন্ত্ৰসমূহৰ উন্নয়ন সাধন
সা-সঁজুলিসমূহৰ প্ৰযুক্তিগত উন্নয়ন, প্ৰযুক্তিৰ দিশত উৎকৃষ্ট সৰঞ্জামসমূহৰ আমদানি আৰু সাধাৰণ সুবিধা কেন্দ্ৰসমূহত সঁজুলি আৰু যন্ত্ৰসমূহৰ প্ৰদানৰ বাবে চৰকাৰী প্ৰতিষ্ঠানক ১০০% প্ৰদান কৰিব।

৬. কৌশল বিকাশ, সজাগতা অভিযান, গৱেষণা আৰু উন্নয়নআদিৰ বাবে ইনচেণ্টিভসমূহো ৰাষ্ট্ৰীয় বাঁহ মিচনৰ অধীনত সন্নিৱিষ্ট কৰা হৈছে।
 

অসম বাঁহ আৰু বেত নীতি ২০১৯ ৰ অধীনৰ অতিৰিক্ত ইনচেণ্টিভসমূহ

১) মূলধন ব্যয় ৰাজসাহাৰ্য্য: পাঁচ কোটিৰ সীমলৈ এলিজিবল প্লেণ্ট, যন্ত্ৰ আৰু আভ্যন্তৰীণ বৈদ্যুতিক স্থাপন কাৰ্যৰ বাবদ ৫০% মূলধন ব্যয় ৰাজসাহাৰ্য্য।

২) নতুন আৰম্ভকাৰীৰ পদোন্নতি: বাঁহ আৰু বেত খণ্ডৰ আৰম্ভকাৰীৰ অভিনৱ ধাৰণাৰ বাবে পাঁচ লাখলৈ প্ৰদান।

৩) যন্ত্ৰ আৰু সঁজুলিসমূহৰ বিতৰণ: আঁচনিৰ অধীনত বাঁহ আৰু বেত খণ্ডৰ কাৰিকৰসকললৈ সা-সঁজুলিসমূহ বিতৰণ কৰা হ'ব। ৰাজ্যিক বাঁহ উন্নয়ন অভিকৰণে হিতাধিকাৰীসকললৈ বিতৰণ কৰিবলগীয়া সা-সৰঞ্জামসমূহ হৈছে:

(ক) বাঁহ আৰু বেতৰ ফাৰ্ণিচাৰ প্ৰস্তুত কৰা সঁজুলি (হাতেকৰা আৰু যান্ত্ৰিক)
(খ)ধূপকাঠি প্ৰস্তুত কৰা সঁজুলি (হাতেকৰা আৰু যান্ত্ৰিক)
(গ) হস্তশিল্পত প্ৰস্তুত কৰা বাঁহৰ ঢাৰিৰ বাবে সঁজুলি আৰু অন্যান্য সামগ্ৰীসমূহ (হাতেকৰা আৰু যান্ত্ৰিক)
ওপৰত উল্লিখিত তিনিটা কামৰ বাবে ৰাজ্যই ১০০% নিধি প্ৰদান কৰিব।

৪) কৌশল বিকাশৰ বাব্ৰ ইনচেণ্টিভ: আইটিআই আৰু কৌশল বিকাশ কেন্দ্ৰত প্ৰশিক্ষণৰ ১০০% স্পঞ্জৰশ্বিপ

৫) স্থিৰ মূলধন ব্যয় ৰাজসাহাৰ্য্য:স্থিৰ মূলধন ব্যয়ৰ বাবে ৫০% আৰু লগতে পৰ্যটন আকৰ্ষণৰ কেন্দ্ৰবিন্দু স্থানসমূহত বাঁহ আৰু বেত উৎপাদন বিষয়ৰ আলোচনীৰ বিপণি স্থাপনৰ বাবে সৰ্বোচ্চ সীমা পাঁচ লাখ।

৬) অনলাইন প'ৰ্টেলৰ বিকাশৰ বাবে ৰাজসাহাৰ্য্য: অনলাইন প'ৰ্টেলৰ বিকাশৰ ব্যয়ত ৫০% ৰাজসাহাৰ্য্য। বাঁহ আৰু বেত উৎপাদিত সামগ্ৰীৰ মাৰ্কেটিং আদিৰ বাবে সৰ্বোচ্চ সীমা পাঁচ লাখলৈ।

৭) ০.৫ হেক্টৰৰ কম কৃষিভূমিত খেতি কৰিবৰ বাবে বিনামূলীয়াকৈ পুলি বিতৰণ।

বি.দ্ৰ.: বিশেষভাৱে উল্লেখ নকৰা পৰ্যন্ত দুবাৰ ইনচেণ্টিভ প্ৰদান কৰা নহয়।

4