মই প্ৰৱেশ কৰিছো :

অসম চৰকাৰ ৰাজ্যিক বাঁহ উন্নয়ন অভিকৰণ

বাঁহৰ বৈশিষ্ট্যসমূহ

বাঁহৰ বৈশিষ্ট্যসমূহ
অসমৰ সাংস্কৃতিক, সামজিক আৰু অৰ্থনৈতিক দিশত বাঁহে এক গুৰুত্বপূৰ্ণ স্থান অধিকাৰ কৰি আহিছে। এক নৱীকৰণযোগ্য আৰু বহুমুখী সম্পদ বাঁহগছ অসমৰ প্ৰাকৃতিক পৰিৱেশত প্ৰচুৰ ৰূপত পোৱা যায়। বাঁহগছৰ খেতি মানুহৰ বাসস্থান, উদ্যান আদিত কৰা হয় আৰু ব্যক্তিগতভাৱেও ইয়াৰ খেতি কৰা হয়। বাঁহক উপযোগী কৰি তোলা ইয়াৰ গুৰুত্বপূৰ্ণ বৈশিষ্ট্যসমূহ হৈছে -
১) এই উদ্ভিদ নৱীকৰণযোগ্য আৰু সোনকালে ইয়াৰ বৃদ্ধি হয়।
২) বাঁহগছৰ ভিন্ন অংশ ভিন্ন ৰূপত ব্যৱহৃত হয়। ইয়াৰ বিকাশৰ বিভিন্ন স্তৰত ইয়াৰ বিভিন্ন ব্যৱহাৰযোগ্যতা পৰিলক্ষিত হয় আৰু এনেদৰে ই ইয়াৰ সমগ্ৰ জীৱন উপযোগিতা প্ৰদান কৰে।
৩) কিছুমান প্ৰজাতিৰ বাঁহৰ গাজ ভক্ষণ কৰিব পাৰি আৰু এইসমূহ অতি পুষ্টিকৰ খাদ্য।
৪) বাঁহগছে প্ৰাকৃতিক পৰিৱেশ বহু ধৰণে উন্নীত কৰাত অৰিহণা যোগায়। ই জলবায়ু আৰু মাটি বিশুদ্ধ কৰাত অৰিহণা যোগায়।
৫) ইয়াৰ গা-গছ টান, পাতল আৰু নমনীয় আৰু এই গুণেৰে ই কাঠৰ এক যোগ্য বিকল্প।
৬) পাহাৰীয়া বা পৰ্বতীয়া অঞ্চলত আৰু নদীৰ পাৰৰ অঞ্চলসমূহত ই খহনীয়া প্ৰতিৰোধ কৰে।
৭) বাঁহগছৰ অৰণ্যসমূহ বহুসংখ্যক চৰাইকে আদি কৰি বহু বিলুপ্তপ্ৰায় বন্যপ্ৰাণীৰ বাসস্থান। ইয়াৰ ভিতৰত বনৰীয়া হাতী, হলৌ বান্দৰ আদি প্ৰধান। এই অৰণ্যসমূহ এই প্ৰাণীসমূহৰ বাবে খাদ্যৰ ভড়াল।
ভাৰতৰ উত্তৰ পূৰ্বাঞ্চলীয় ৰাজ্যসমূহে সমগ্ৰ দেশৰ ৬০% ৰ অধিক বাঁহৰ বৰ্ধিত ভড়াল সৃষ্টি কৰিবলৈ সক্ষম হৈছেআৰু ইয়াৰ ভিতৰত প্ৰাকৃতিকভাৱে আৰু ঘৰত গজোৱা বাঁহগছৰ সৃষ্টিৰে অসমে ইয়াৰ এক গুৰুত্বপূৰ্ণ উৎস আগবঢ়াবলৈ সক্ষম হৈছে।

1