মই প্ৰৱেশ কৰিছো :

অসম চৰকাৰ ৰাজ্যিক বাঁহ উন্নয়ন অভিকৰণ

আমি কি কৰো

  • আমাৰ দৃষ্টি:

    আমাৰ দৃষ্টি হৈছে বহুমুখী নিয়মানুৱৰ্তিতা, বহুবিভাগীয় আৰু বহুমাত্ৰিক ব্যৱস্থাৰ জৰিয়তে বাঁহ খণ্ডলৈ প্ৰয়োজনীয় উৎসাহ, উন্নয়ন আৰু সাহাৰ্য্য প্ৰদান কৰি ৰাজ্যবাসীক অৰ্থনৈতিকভাৱে লাভৱাম্বিত কৰি তোলা আৰু অসমৰ বাঁহৰ সামাজিক আৰু পৰিৱেশিক সম্ভাৱনীয়তা উপলব্ধি কৰা।

    আমাৰ লক্ষ্য:

    ১. সমগ্ৰ বাঁহ সম্পদ শৃংখল মূল্যৰ বিকাশ সাধন কৰা।
    ২. অসমৰ বনভূমিৰ অন্তৰ্গত নোহোৱা ঠাইত বাঁহৰ কৃষিকাৰ্য বৃদ্ধি কৰা।
    ৩. উন্নত ৰোপণ সঁজুলি আৰু বিজ্ঞানসন্মত পৰিচালনাৰ অনুশীলনেৰে উৎপাদন ক্ষমতাৰ বিকাশ সাধন কৰা।
    ৪. অসমৰ বাঁহ নিৰ্ভৰ উদ্যোগীসকলক উৎসাহ প্ৰদান কৰা।
    ৫. বাঁহৰ আৰ্থ-সামাজিক সম্ভাৱনীয়তাৰ দিশত সজাগতাৰ সৃষ্টি কৰা।
    ৬. বহনক্ষম নিয়োগ ব্যৱস্থাৰ বাবে কাৰিকৰসকলৰ বাবে কৌশল বিকাশৰ ব্যৱস্থা।
    ৭. ফলপ্ৰসূ বজাৰ সংযোগ ব্যৱস্থা প্ৰদান।  

    কাৰ্যসমূহ:

    ১. পুনৰ্গঠিত বাঁহ মিচনৰ অধীনত পৰিকল্পিত সংসাধন কাৰ্যসমূহে সামৰি লোৱা বিষয়সমূহ হৈছে:-
    ক) কৃষকৰ কৃষিভূমিত বা চৰকাৰী ভূমিত বাঁহ খেতিৰ উন্নয়ন সাধন।
    খ) গুণগত ৰোপণ সৰঞ্জাম যোগান ধৰি বাঁহৰ নাৰ্ছাৰিসমূহৰ উন্নয়ন সাধন।
    গ) প্ৰাথমিক প্ৰক্ৰিয়াকৰণ কেন্দ্ৰ (Primary Processing Centre) আৰু সাধাৰণ সা-সুবিধা কেন্দ্ৰ (Common Facility Centre) সমূহৰ প্ৰতিষ্ঠা।
    ঘ) বাঁহৰ ওপৰত নিৰ্ভৰশীল গোটসমূহলৈ আৰ্থিক সাহাৰ্য্য প্ৰদান।
    ঙ) অসমৰ বাঁহ কাৰিকৰ আৰু বাঁহ উদ্যোগীসকললৈ বজাৰ সংযোগৰ সুবিধা প্ৰদান।
    চ) অসমৰ বাঁহ কাৰিকৰসকললৈ উন্নত সা-সৰঞ্জাম আৰু যন্ত্ৰ প্ৰদান কৰি তেওঁলোকক উৎসাহী কৰি তোলা।
    ছ) বাঁহ খেতিয়ক/কাৰিকৰ, ক্ষেত্ৰ কাৰ্য সম্পাদনকাৰী আৰু বিষয়া আৰু এনবিএম কৰ্মচাৰীসকলৰ বাবে প্ৰশিক্ষণ আৰু কৌশল বিকাশ।  
    ২. অসম বাঁহ আৰু বেত নীতি, ২০১৯ ৰ নিয়মসমূহৰ সংসাধন
    ৩. কেন্দ্ৰীয়/ৰাজ্য চৰকাৰে সময়ে সময়ে ন্যস্ত কৰা যিকোনো বিষয়বস্তু।